SOP for Mobile Phone Use

নামৰূপ মহাবিদ্যালয়, নামৰূপ

মানক কাৰ্যপদ্ধতি (SOP)

মহাবিদ্যালয় চৌহদৰ ভিতৰত ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা ম’বাইল ফোনৰ ব্যৱহাৰ

১. শিৰোনাম

মহাবিদ্যালয় চৌহদৰ ভিতৰত ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা ম’বাইল ফোনৰ ব্যৱহাৰ সম্পৰ্কীয় মানক কাৰ্যপদ্ধতি (SOP)।

২. উদ্দেশ্য

এই SOP-ৰ উদ্দেশ্য হৈছে মহাবিদ্যালয় চৌহদৰ ভিতৰত ছাত্ৰ-ছাত্ৰীৰ ম’বাইল ফোনৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰা আৰু শৃংখলাবদ্ধ, নিৰাপদ, পাৰস্পৰিক সন্মানপূৰ্ণ তথা শৈক্ষিক পৰিৱেশৰ অনুকূল পৰিৱেশ গঢ়ি তোলা। ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক দায়িত্বশীলভাৱে ম’বাইল ফোন ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰাৰ লগতে শৈক্ষিক আৰু অন্যান্য প্ৰতিষ্ঠানিক কাৰ্যকলাপৰ সময়ত ইয়াৰ অপব্যৱহাৰ ৰোধ কৰাৰ লক্ষ্য ৰখা হৈছে।

৩. প্ৰযোজ্যতা

এই SOP মহাবিদ্যালয় চৌহদৰ ভিতৰত থকা নামৰূপ মহাবিদ্যালয়ৰ সকলো ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব। ইয়াৰ ভিতৰত শ্ৰেণীকোঠা, পৰীক্ষাগাৰ, পুথিভঁৰাল, আলোচনা-কক্ষ, পৰীক্ষা-গৃহ আৰু অন্যান্য নিৰ্দিষ্ট শৈক্ষিক তথা প্ৰশাসনিক স্থানসমূহ অন্তৰ্ভুক্ত।

৪. সাধাৰণ নিৰ্দেশনা

৪.১. যোগাযোগ, সুৰক্ষা আৰু বৈধ শৈক্ষিক প্ৰয়োজনত ছাত্ৰ-ছাত্ৰীসকলে মহাবিদ্যালয়লৈ ম’বাইল ফোন আনিব পাৰিব।

৪.২. শ্ৰেণী চলি থকা সময়ত, পুথিভঁৰালৰ সময়ত, আলোচনা-চক্ৰ, সভা আৰু অন্যান্য শৈক্ষিক কাৰ্যকলাপৰ সময়ত ম’বাইল ফোন নীৰৱ (Silent) অৱস্থাত ৰাখিব লাগিব অথবা বন্ধ কৰি ৰাখিব লাগিব।

৪.৩. ছাত্ৰ-ছাত্ৰীসকলে দায়িত্বশীলভাৱে ম’বাইল ফোন ব্যৱহাৰ কৰিব লাগিব আৰু ইয়াৰ ব্যৱহাৰে যাতে পাঠদান, শিক্ষাগ্ৰহণ অথবা আন ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ শৈক্ষিক কাৰ্যকলাপত ব্যাঘাত নজন্মায়, সেয়া নিশ্চিত কৰিব লাগিব।

৪.৪. শৈক্ষিক উদ্দেশ্যে ম’বাইল ফোনৰ ব্যৱহাৰ কেৱল সংশ্লিষ্ট শিক্ষকৰ অনুমতি বা নিৰ্দেশ অনুসৰিহে কৰিব পাৰিব।

৪.৫. মহাবিদ্যালয়ৰ সময়ছোৱাত অত্যধিক বা অপ্ৰয়োজনীয়ভাৱে ম’বাইল ফোন ব্যৱহাৰ কৰাৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে বিৰত থাকিব লাগিব।

৫. নিষিদ্ধ কাৰ্যকলাপ

মহাবিদ্যালয় চৌহদৰ ভিতৰত তলত উল্লেখ কৰা কাৰ্যকলাপসমূহ কঠোৰভাৱে নিষিদ্ধ:

৫.১. অনুমতি অবিহনে শ্ৰেণীকোঠাত পাঠদান চলি থকা সময়ত আৰু অন্যান্য শৈক্ষিক কাৰ্যকলাপৰ সময়ত ব্যক্তিগত ফোনকল, বাৰ্তা প্ৰেৰণ, খেল (Gaming) অথবা সামাজিক মাধ্যম ব্যৱহাৰ কৰা নিষিদ্ধ ।

৫.২. সংশ্লিষ্ট কৰ্তৃপক্ষৰ আগতীয়া অনুমতি অবিহনে শ্ৰেণী, পৰীক্ষা, সভা অথবা অন্যান্য প্ৰতিষ্ঠানিক কাৰ্যকলাপৰ ফটো তোলা, অডিঅ’ বা ভিডিঅ’ ৰেকৰ্ড কৰা অথবা লাইভ ষ্ট্ৰিমিং কৰা নিষিদ্ধ ।

৫.৩. ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, অনা-শিক্ষক কৰ্মচাৰী অথবা দৰ্শনাৰ্থীৰ গোপনীয়তা, মৰ্যাদা বা সন্মতি উলংঘা কৰা ধৰণে ফটো তোলা, ৰেকৰ্ডিং কৰা অথবা তথ্য প্ৰচাৰ কৰা নিষিদ্ধ ।

৫.৪. চাইবাৰ বুলিং, হাৰাশাস্তি, ভয়-ভাবুকি, উৰাবাতৰি প্ৰচাৰ অথবা আপত্তিজনক, মানহানিকৰ বা অনুপযুক্ত বিষয়বস্তু প্ৰচাৰৰ বাবে ম’বাইল ফোন ব্যৱহাৰ কৰা নিষিদ্ধ ।

৫.৫. পৰীক্ষাৰ সময়ত নকল কৰা, অননুমোদিত তথ্য আহৰণ কৰা অথবা আনৰ সৈতে যোগাযোগ কৰাৰ বাবে ম’বাইল ফোন ব্যৱহাৰ কৰা নিষিদ্ধ ।

৫.৬. লাউডস্পীকাৰ ব্যৱহাৰ কৰা অথবা আনক অসুবিধা হোৱাকৈ উচ্চ শব্দত অডিঅ’ বা ভিডিঅ’ চলোৱা নিষিদ্ধ ।

৫.৭. পৰীক্ষাগাৰ অথবা এনে অন্যান্য নিৰ্দিষ্ট স্থানত ম’বাইল ফোন ব্যৱহাৰ কৰা নিষিদ্ধ, য’ত ইয়াৰ ব্যৱহাৰে সুৰক্ষাজনিত বিপদ সৃষ্টি কৰিব পাৰে অথবা প্ৰতিষ্ঠানিক কাৰ্যকলাপত বাধা দিব পাৰে ।

৬. জৰুৰীকালীন পৰিস্থিতি

প্ৰকৃত জৰুৰীকালীন পৰিস্থিতিত ছাত্ৰ-ছাত্ৰীসকলে পৰিস্থিতিৰ প্ৰয়োজন অনুসৰি আৰু অপ্ৰয়োজনীয় ব্যাঘাত নঘটোৱাকৈ ম’বাইল ফোন ব্যৱহাৰ কৰিব পাৰিব । সম্ভৱপৰ ক্ষেত্ৰত তেওঁলোকে সংশ্লিষ্ট শিক্ষক অথবা মহাবিদ্যালয় কৰ্তৃপক্ষক এই বিষয়ে অৱগত কৰিব লাগিব ।

৭. ছাত্ৰ-ছাত্ৰীৰ দায়িত্ব

এই SOP মানি চলাৰ দায়িত্ব সকলো ছাত্ৰ-ছাত্ৰীৰ । তেওঁলোকৰ পৰা আত্ম-অনুশাসন বজাই ৰখা, আনৰ গোপনীয়তাক সন্মান কৰা আৰু মহাবিদ্যালয়ৰ মূল্যবোধ, সুনাম তথা শৈক্ষিক পৰিৱেশ অক্ষুণ্ণ ৰখাকৈ ম’বাইল ফোন ব্যৱহাৰ কৰাটো আশা কৰা হয় ।

৮. নিৰীক্ষণ আৰু অনুশাসনমূলক ব্যৱস্থা

৮.১. মহাবিদ্যালয় প্ৰশাসন, শিক্ষক-শিক্ষয়িত্ৰী আৰু অন্যান্য অনুমোদিত কৰ্মচাৰীয়ে এই SOP মানি চলা হৈছে নে নাই সেয়া নিৰীক্ষণ কৰিব ।

৮.২. কোনো নিয়ম উলংঘন কৰিলে সংশ্লিষ্ট ছাত্ৰ-ছাত্ৰীক সতৰ্কবাণী দিয়া হ’ব আৰু দায়িত্বশীলভাৱে ম’বাইল ফোন ব্যৱহাৰৰ বিষয়ে পৰামৰ্শ প্ৰদান কৰা হ’ব ।

৮.৩. পুনৰাবৃত্তি হোৱা অথবা গুৰুতৰ নিয়ম উলংঘনৰ ক্ষেত্ৰত মহাবিদ্যালয়ৰ প্ৰযোজ্য নিয়ম-নীতি অনুসৰি কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।

৮.৪. প্ৰয়োজনীয় বুলি বিবেচিত হ’লে ম’বাইল ফোন সাময়িকভাৱে নিজৰ জিম্মাত ৰখাৰ যিকোনো ব্যৱস্থা কেৱল অনুমোদিত মহাবিদ্যালয় কৰ্তৃপক্ষই প্ৰযোজ্য নিয়ম আৰু প্ৰতিষ্ঠানিক পদ্ধতি অনুসৰিহে গ্ৰহণ কৰিব পাৰিব ।

৮.৫. হাৰাশাস্তি, গোপনীয়তা উলংঘন, চাইবাৰ অপকৰ্ম অথবা পৰীক্ষাত অসৎ উপায় অৱলম্বনৰ সৈতে জড়িত গুৰুতৰ ঘটনাসমূহক গুৰুতৰ অপৰাধ হিচাপে গণ্য কৰা হ’ব আৰু সংশ্লিষ্ট ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে উপযুক্ত অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।

 

NAMRUP COLLEGE, NAMRUP

STANDARD OPERATING PROCEDURE (SOP)

Use of Mobile Phones by Students within the College Campus

1. Title

Standard Operating Procedure (SOP) for the Use of Mobile Phones by Students within the College Campus.

2. Purpose

The purpose of this SOP is to regulate the use of mobile phones by students within the college campus and to promote a disciplined, safe, respectful, and academically conducive environment. It aims to encourage the students to use their mobile phones responsibly and to prevent their misuse during academic and other institutional activities.

3. Scope

This SOP shall apply to all students of Namrup College within the college campus, including classrooms, laboratories, the library, seminar halls, examination halls, and other designated academic and administrative spaces.

4. General Guidelines

4.1. Students may carry mobile phones to the college for communication, safety, and legitimate academic purposes.

4.2. Mobile phones must be kept on silent mode or switched off during classes, library hours, seminars, meetings, and other academic activities.

4.3. Students shall use mobile phones responsibly and ensure that their use does not disturb teaching, learning, or the academic activities of other students and faculty members.

4.4. The use of mobile phones for academic purposes shall be permitted only with the consent or instruction of the concerned teacher.

4.5. Students shall refrain from excessive or unnecessary mobile phone use during college hours.

5. Restricted Activities

The following activities are strictly prohibited within the college campus:

5.1. Using mobile phones for personal calls, messaging, gaming, or social media browsing during classroom teaching and other academic activities without permission.

5.2. Photographing, recording audio or video, or live streaming classes, examinations, meetings, or other institutional activities without prior permission from the concerned authority.

5.3. Taking photographs, making recordings, or sharing information that violates the privacy, dignity, or consent of students, teachers, non-teaching staff, or visitors.

5.4. Using mobile phones for cyber bullying, harassment, intimidation, spreading rumours, or circulating offensive, defamatory, or inappropriate content.

5.5. Using mobile phones for cheating, accessing unauthorised information, or communicating with others during examinations.

5.6. Using loudspeakers or playing audio or video content at a volume that disturbs others.

5.7. Using mobile phones in laboratories or other designated areas where their use may create safety risks or interfere with institutional activities.

6. Emergency Situations

Students may use mobile phones in genuine emergencies, subject to the circumstances and without causing unnecessary disruption. They should inform the concerned teacher or college authority whenever practicable.

7. Responsibility of Students

All students are responsible for complying with this SOP. They are expected to exercise self-discipline, respect the privacy of others, and use mobile phones in a manner that upholds the values, reputation, and academic atmosphere of the college.

8. Monitoring and Disciplinary Action

8.1. The college administration, faculty members, and other authorised personnel will monitor compliance with this SOP.

8.2. In the event of a violation, the student will be given a warning and counselled regarding responsible mobile phone use.

8.3. Repeated or serious violations will invite strict disciplinary action in accordance with the rules and regulations of the college.

8.4. Any action involving the temporary retention of a mobile phone, if considered necessary, shall be undertaken only by an authorised college authority in accordance with applicable rules and institutional procedures.

8.5. Serious cases involving harassment, privacy violations, cyber misconduct, or examination malpractice shall be treated as a serious offence and appropriate disciplinary action shall be taken against the students concerned.